Add Book Write Article
Cancel

“ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 8:47 a.m.

আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়৷সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা দিছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷”