Add Book Write Article
Cancel

"কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷" পাঠটোৰ সহায়ত বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 8:48 a.m.

যিমানেই বিদ্যাৰ অনুশীলন হয়,সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে৷ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো৷মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে ৷সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয় ৷