Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ গ'ল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুটিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। খুঁটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত ডুবিবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে, নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গ'ল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে, আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে।

Write Your Answer