কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুণ শিল্পী। তেওঁলোকৰ চেষ্টাত নীৰস,কঠিন কাঠে প্ৰাণ পাই উঠে। ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা মনোমোহা সামগ্ৰীৰ। কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।