কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ `গীত আৰু ছবি' নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নোবোলে বুলি কবিয়ে কৈছে। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ, সুৰ-লয়ে মানুহৰ অন্তৰত সুৰৰ ঝঙ্কাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে। যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়।