একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয় ৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, "কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷"