শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিত প্ৰকাশ পাইছে। অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ। ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও লাভ নকৰে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।