Add Book Write Article
Cancel

কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:19 a.m.

কবিতাটোত বিভীষণক এজন ৰাম ভক্ত, ধীৰ আৰু গম্ভীৰ পুৰুষ হিচাপে অংকন কৰিছে ৷ ৰাৱণৰ অহংকাৰী স্বভাৱৰ পৰিবৰ্তে বিভীষণ এজন নম্ৰ প্ৰকৃতিৰ লোক ৷ মাতৃ নৈকেষীৰ নিৰ্দেশ মানি বিভীষণে ৰাৱণক বুজাই বঢ়াই ৰামৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত ৰাখিবলৈ উপদেশ দিছে ৷ ৰাজসভাত বহি থকা ৰাৱণক উপদেশ দান কৰোঁতে বিভীষণে ৰাজনৈতিক বৌদ্ধিক পৰিপক্কতাৰ পৰিচয় দিছে ৷ ৰামৰ লগত যুদ্ধৰ পৰিবৰ্তে স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দিয়াৰ উপদেশত বিভীষণৰ দূৰদৰ্শী চৰিত্ৰৰ প্ৰকাশ পাইছে ৷ এনেদৰে বিভীষণক কবিয়ে এটা ৰামভক্ত চৰিত্ৰ হিচাপে কবিতাটোত তুলি ধৰিছে ৷