মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে । পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় । তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় । কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে । তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে । সেয়ে এবাৰ গুচি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।