Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।

কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক "আই" সম্বোধন কৰিছে। কবিয়ে "আই" সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবি নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।

Write Your Answer