নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। 'মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।