জানিব খোজাৰ নতুন ঠিকনা
এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।
পলহঁতৰ পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নেতা-নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি ক'লে, আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহো চাব পাৰিম।
সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে, ল'ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব।