কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল ৷ ছাত্ৰসকলক কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল যদিও তেওঁলোকৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল ৷ কলেজৰ পৰা লে’কচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ ৷ প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে ৷ কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিত আহিও পাঠদান কৰিছিল ৷