Add Book Write Article
Cancel

কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:11 a.m.

কৈশোৰকালৰ দ্রুত বিকাশ সহজেই লক্ষণীয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱর্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুৰ দেহৰ গঠনৰ পাৰ্থক্যও পৰিলক্ষিত হয়। প্রজনন ক্ষমতা কৈশোৰকালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱর্তন আনিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱর্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে।

বিপৰীত লিংগকামিতাও কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে।