কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণ গতিত হয়। মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।
শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিক যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এই কালছোৱাতেই হয়। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্রেষ্ঠ মানুহৰ ভিন-ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশোৰকালতে।