কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দৰো সৃষ্টি হ’ব পাৰে। কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠেট নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত – নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।