কৈশোৰ কাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আনি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আৱেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।
আৱেগিক বিকাশঃ কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয় আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবা্দি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত আৱেগিক বিকাশৰ লক্ষণ৷
সামাজিক বিকাশঃ কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সহমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে ঘোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত এক “উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল চলন, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।