কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা সন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে।
আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক । ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ পৰৱর্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে। সেই কেইটা হল – ১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া, ২) নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অথনৈতিক অগ্রগতিত সহায় কৰা, আৰু ৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আনহাতে (১৯৮৬ চনত) ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্রীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। আনহাতে একৈশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰী (Crossroads of life) বুলি অভিহিত কৰিছে। য’ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমুহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্রসৰ হ’ব পাৰি। কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমৰ চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল – (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান আৰু (ঘ) সমাজ বিজ্ঞান। ইয়াৰ লগতে কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব।