Add Book Write Article
Cancel

কিশোৰ-সংস্কৃতি কি ?

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:13 a.m.

কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চা-চলন, সাজ-পাৰ, বাকৃভংগী, ধ্যান-ধাৰণা৷ আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়।