Add Book Write Article
Cancel

`কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ৷

By uf9b861367c on 2 weeks ago
April 5, 2025, 5:56 a.m.

কবি –গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে `কৰুণতম’ কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে৷ আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে । কাৰন কবিৰ পিতৃ কৃষক আছিল । কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল; বৰঞ্চ ই আছিল জীৱন সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত । সেইদৰে দোৰানৰ জাৰ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল I মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে ।

কবিৰ পিতৃ-মাতৃয়ে নিৰ্দ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাৱ পাৰিছে । কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে । আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই ,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব । সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে Iএনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে ।