`কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে । আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰন কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰণ-পোষণ দিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা । কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল ।
মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে । কবিৰ পিতৃ-মাতৃয়ে নিৰ্দ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে । কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয় । গাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব- সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন । -এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে ।