`কৰুণতম’ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা । কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূলভাব, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়।
`কৰুণতম’ কবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে । আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰন কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল ; বৰঞ্চ ই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত । একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে ।
কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰেসময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাৱ পাৰিছে । কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সৰ্ম্পকে নিশ্চিত হ’ব পৰা নাই । তেঁও ভৱিষ্যত্ প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে । গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰন -`কৰুণতম’ সাৰ্থক হৈছে বুলি ক’ব পাৰি ।