উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷ দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল ৷ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল ৷এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে ৷