জানিব খোজাৰ নতুন ঠিকনা
১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল। কিন্তু ভাৰতৰ ক্ষেত্ৰত "সম্পূৰ্ণ স্বাধীনতাৰ" প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে। প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে।
১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনস্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ. ষ্টফাৰ্ড. ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে। উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন কৰা। ক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থা কৰা, লগতে এখন সংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয়।
ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল 一 জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি।
ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদী নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱ ধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামত জাতি, ধৰ্ম নিৰ্বিশেষে ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সকলো দিশৰ পৰা চালি-জাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি।