গীত আৰু ছবি' - কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে - যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।