১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল। গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল। ফুকনে গান্ধীজীক "তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা" বুলি পৰিচয় কৰাই দিলে। শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, " আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।" ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীয়ে ক’লে, "যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন।" তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হ’ল। পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, "সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।" তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল।