স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ ১২ কিঃমিঃ বহল সংকীৰ্ণ স্থলভাগে উত্তৰৃ-পূৱক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথপৰিবহন হঠাৎ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। বিভাজনৰ বাবে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল। ইয়াৰ আগতে অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট, ৰেচম আদিৰ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন আছিল। কিন্তু বিভাজনৰ পিছত আন্তৰ্জাতিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিৱেশ কৰা হয়। ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পুনৰগঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা দিছিল। ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণে উত্তৰ-পূৱ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল।