প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী ৷