Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?

উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে উপদেশ দিছিল এনেদৰে- বিদ্যার্থীসকলে সত্য ক'ব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ'ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে। সত্যৰ পৰা, ধর্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত হ'ব নালাগে। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কার্য কৰিব লাগে কিন্তু ধর্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে। পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে। এওঁলোকক সদায় দেৱতাৰ দৰে মান্য কৰিব লাগে। যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে। উপার্জিত ধন, সম্পদ কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, লগতে কিভাৱে দান কৰিব লাগে সেই কথাও বিদ্যার্থীক সোঁৱৰাই দিছে। এনে আদর্শৰ দ্বাৰা জীৱন সংগ্ৰামত খোজ দিবৰ বাবে গুৰুৱে বিদ্যার্থীক উপদেশ দিছে।

Write Your Answer