Add Book Write Article
Cancel

চিঠি / আৱেদন লিখোতে কি কি নিয়ম মানি চলিব লাগে?

By uf9b861367c on 1 week ago
April 10, 2025, 10:18 a.m.

চিঠি / আৱেদন লিখোতে মানি চলিবলগীয়া নিয়মসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) চিঠি / আৱেদনত মূল কথাখিনিহে লিখিব লাগে।

(ii) অনাৱশ্য়কভাৱে দীঘল কৰিব নালাগে।

(iii) চিঠি / আৱেদনৰ ভাষাত বিনয়ী ভাৱ প্ৰকাশ পাব লাগে।

(iv) চিঠি / আৱেদনৰ মূল বৈশিষ্ট্য় হৈছে স্পষ্টতা।

(v) ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত চিঠি / আৱেদন পত্ৰত নিজৰ নাম, ৰোল নম্বৰ উল্লেখ কৰিব নালাগে।

(vi) প্ৰকাৰভেদে চিঠিৰ সম্বন্ধ আৰু সম্বোধনৰ শব্দ বেলেগ হ'ব লাগে।

(vii) ছাত্ৰ-ছাত্ৰীয়ে চিঠি / আৱেদনত 'বিষয়', 'তাৰিখ' স্পষ্টকৈ লিখিব লাগিব।

(viii) চিঠিত অভিপ্ৰেত কৰা সকলো কথা ফুটি উঠিব লাগিব।

(ix) চিঠি লিখোঁতে ছাত্ৰ-ছাত্ৰীৰ শৃংখলা প্ৰকাশ পাব লাগে।

(x) এটা কথাৰে পুনৰাবৃত্তি হ'ব নালাগে।