চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে।
ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো আছিল ঘনিষ্ঠ বন্ধু। তেওঁলোক দুয়ো একেখন চহৰৰে দুই প্রান্তত থাকে। যোগসূত্ৰ ৰাখিবলৈ গাড়ী, ফোন নাই। ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে। তেওঁ ভাবে যে প্রশান্ত শর্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহু দিন অপেক্ষা কৰিও প্রশান্ত শর্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্রশান্ত শর্মাৰ ভতিজা ল’ৰা এজনৰ পৰা জানিবলৈ পায় যে প্রশান্ত শৰ্মাৰ মৃত্যু হৈছে। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। কথাটো গম পাই ভূদেব চৌধুৰীৰ শোক উথলি উঠে। তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেই আনন্দখিনি যে বন্ধু প্রশান্ত শর্মাই লাভ কৰিলে সেয়া অনুভৱ কৰি তেওঁ আবেগিক হৈ পৰে। গল্পটিত অপ্রাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্রকাশ ঘটিছে।