April 9, 2025, 10:26 a.m.
অতি প্ৰাচীন কালতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল ǀ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায় ǀ পৰবৰ্তী সময়ত পোৰা মাটি, শিল , ব্ৰঞ্জ, তাম ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰো সংযোজন ঘটোৱা হৈছিল ǀ এই মূৰ্তি সমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰ্হিৰ,সমানুপাতিক, পোছাক অলংকাৰেৰে নিখুত অলংকৰণৰে সজ্জিত মূৰ্তি দেখা যায় ǀ মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখাবয়বত তথা অংগ-প্ৰত্যংগত সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ǀ
গৌতম বুদ্ধ,মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্য সমূহত দেখিবলৈ পোৱা যায় ǀ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিতো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে ǀ দেশী বিদেশী বহুতো ৰাজবংশই নিৰ্মাণৰ এই কলাটোক পৃষ্ঠপোষকতা কৰিছিল ǀ
সামগ্ৰিক দিশৰ পৰা ভাৰতৰ ভাস্কৰ্য শিল্পক তিনিটা ভাগত ভগাব পাৰি ǀ সেই কেইটা হৈছে- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈ গান্ধাৰ শিল্পকলাৰ প্ৰচলন আছিল আৰু সেইবোৰত গ্ৰীক-ৰোমান ভাস্কৰ্য শিল্প কলা প্ৰয়োগ কৰি বহুতো বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ মথুৰা শিল্পকলা আগতে স্বকীয়ভাৱে বিকাশ হৈছিল যদিও পিছলৈ এইবোৰত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিল ǀ অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল ǀ বিশেষকৈ সাতবাহন সম্ৰাজ্যৰ ৰজাসকলে সেই শিল্পকলাক আদৰি লৈছিল ǀ মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ǀ