চমুটোকা লিখাঃ বামন, দেৱহুতি, কপিল, শ্ৰীধৰ কন্দলী, দৈৱকী

By u255f5c61b2 on 1 day ago
April 3, 2025, 2:09 a.m.

(ক) বামনঃ- বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। দৈত্য়ৰাজ বলি আছিল এজন শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল। দান কৰোঁতে কৰোঁতে নিজকে দানী বুলি বলিৰ অহংকাৰ জন্মিছিল। বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক তিনিপদ ভূমি বিচাৰিছিল। বলিয়ে বামনক তিনি পদ ভূমি দান দিয়াত বামনে এক পদেৰে স্বৰ্গ, এক পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্য়ুত কৰিছিল। দানী হোৱাৰ বাবে বলিৰ যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল।

(খ) দেৱহুতিঃ- দেৱহুতি হৈছে স্বায়ম্ভূৱ মুনিৰ কন্য়া। তেওঁৰ স্বামীৰ নাম আছিল কৰ্দ্দম মুনি। তেওঁৰ পুত্ৰ আছিল কপিল মুনি। তেওঁক বিষ্ণুৰ অন্য় এক অৱতাৰ বুলিও কোৱা হয়।

(গ) কপিলঃ- এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি। কৰ্দ্দম মুনি আৰু স্বায়ম্ভূৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ হৈছে কপিল মুনি। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠিৰ হাজাৰ পুত্ৰ ভষ্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।

(ঘ) শ্ৰীধৰ কন্দলীঃ- শ্রীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে 'কাণখোৱা' আৰু 'ঘুনুচা কীৰ্ত্তন' নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সহজ-সৰল আৰু প্ৰাঞ্জল-ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

(ঙ) দৈৱকীঃ- দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃ। তেওঁ বসুদেৱৰ পত্নী আৰু মথুৰাৰ ৰজা কংসৰ ভৈনীয়েক। কংসই ভনীয়েকক বহুত মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে বিয়া পাতি দিছিল। এদিন হঠাৎ আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্য়ু নিশ্চিত। এই কথা গম পায় কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল। দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগেই প্ৰতিটো সন্তনকে কংসই হত্য়া কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্ৰীকৃষ্ণ। পাছত শ্ৰীকৃষ্ণই কংসক বধ কৰি নিজ পিতৃ-মাতৃক কাৰাগাৰৰ পৰা মুক্তি কৰিছিল।