কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে।
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয়। "আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি" শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰূপে মান্যতা দিয়া হয়। "যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে.." ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। "জন-গণ-মন" অধিনায়ক শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত "ভাই ভাই এক ঠাই" নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে "স্বদেশী ভাণ্ডাৰ" নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয় ভূমিকা পালন কৰিছিল। স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল। যাৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায় আৰু চাৰুদাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল।