Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

চমু টোকা লিখাঃ- নবাব ছলিমউল্লা

স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নবাব আছিল ছলিমউল্লা। লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুদৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল।

১৯০৬ চনত ৩০ ডিচেম্বৰত নবাব ছলিমউল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি "সৰ্বভাৰতীয় মুছলিম লীগ" গঠন কৰিছিল। "মুছলিম লীগ" গঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায়ে সচেতন হ'ব লাগিব।

Write Your Answer