ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল। তেওঁৰ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত। স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ভগিনী নিবেদিতাই কলিকতাত ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল। এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত মৃত্যুবৰণ কৰে।