Add Book Write Article
Cancel

চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:05 a.m.

আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- সত্যম, শিৱম, সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ ৷ চিৰন্তন মূল্যবোধ স্হায়ী তথা অপৰিবৰ্ত্তনীয় ৷ এই মূল্যবোধসমূহ সমাজত পূৰ্বৰে পৰা বিদ্যমান ৷ মানুহৰ দায়িত্ব হ’ল- কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা ৷ চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰেপৰাই আছে ৷ আন কথাত ক’বলৈ গ’লে ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ৷