Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?

ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্য়ক মহাবিদ্য়ালয়, বিশ্ববিদ্য়ালয়, অভিযান্ত্ৰিক মহাবিদ্য়ালয়তে উদ্য়োগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিত ভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্য়োগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি দহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্য়কে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্য়কে কিন্তু উদ্য়োগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।

Write Your Answer