১৮৮৮ চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী। এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা, প্ৰৱন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল।
ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিৱন্ধ প্ৰকাশ কৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী; অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশপ্ৰেমৰ ঢল বোৱাইছিল।