'জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানৱৰ এই সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে বুলি কবিয়ে উল্লেখ কৰিছে।