Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।

'জনতাৰ আহ্বান' কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্রতি কবিৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, নিষ্পেষিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহবান জনাইছে।তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চুকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে । বোকাত জন্মা অর্থাৎ অতিকৈ দুখীয়া-দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰিও এতিয়া সমাজত সুৰভি বিলাইছে অর্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে । কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিপৰীতে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে ।

Write Your Answer