‘জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে।। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানৱতন্ত্ৰৰ জয়। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।