"জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.......।" এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উক্ত কথাফাকিৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখি, শহুৰ সুহৃদসকলক উভয় সেনাৰ মাজতে দেখা পালে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতি ভাই সকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰিৰ কঁপনি উঠিছে, নোম বোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগলৰ হে চিহ্ন দেখা গৈছে। তেওঁ কৈছে যে, যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাত কৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়াই মোৰ বাবে মংগল হ'ব। অন্ততঃ এই মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক ক'লে।