Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।

টেহৰাণৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোমোহা। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত টেহৰাণ হ'ল এখন অতি সুন্দৰ চহৰ। টেহৰাণৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে টেহৰাণক পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহ ইয়াত যথেষ্ট গৰম হয় যদিও বছৰৰ বাকী সময়ছোৱাত টেহৰাণৰ জলবায়ু অতি আৰামদায়ক হয়। শীতকালত টেহৰাণত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলব্ৰুন পৰ্বতৰাশিয়ে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহৰাণ চহৰৰ খোৱা পানীৰ প্ৰধান উৎস।

Write Your Answer