দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷