প্ৰখ্যাত ইতিহাসবিদ সর্বাগ্ৰণী ড° সূৰ্যকুমাৰ ভূঞা দেৱৰ জন্ম হয় ১৮৯২ চনত নগাঁও চহৰত। তেওঁ আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ । অধ্যয়নশীল ভূঞা দেৱে ছাত্ৰজীৱনৰ পৰাই বিভিন্ন আলোচনী ,কবিতা, চমু জীৱনী, গল্প আদি প্ৰকাশ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। সেইবোৰৰ ভিতৰত 'গোপাল কৃষ্ণ গোখলে' (১৯১৬), 'ৰবীন্দ্ৰ নাথ ঠাকুৰ' (১৯২০), 'আনন্দৰাম বৰুৱা' (১৯২০), 'জোনাকী' (১৯২৮), 'চানেকী' (১৯২৮), 'অসম জীয়ৰী' (১৯৩৫)- এইকেইখন জীৱন চৰিতমূলক গ্ৰন্থ। 'কোঁৱৰ বিদ্ৰোহ'(১৯৪৮), 'বুৰঞ্জীৰ বাণী' (১৯৫১), 'ৰমণী গাভৰু '(১৯৫১) 'ৰাজেশ্বৰ সিংহ' (১৯৭৪) ইত্যাদি ঐতিহাসিক পুথি এতিয়ালৈকে প্ৰকাশ হৈছে। 'নিৰ্মালি' হৈছে তেখেতৰ একমাত্ৰ কবিতাৰ পুথি। 'পঞ্চমী' হৈছে তেখেতৰ পাঁচটা চুটিগল্পৰ সমষ্টি। ইয়াৰ উপৰিও ভালেখিনি গৱেষণামূলক ইংৰাজী গ্ৰন্থ ভূঞাদেৱৰ কাপৰ পৰা ওলাইছে। তাৰ ভিতৰত 'Anglo Assamese Relations '1771-1826, 'Atan Buragohain & His Times(1955), 'Lachit Borphukan and His Times' (1947), 'An Assamese Nur-Jahan'(1926) আদি উল্লেখয্যোগ্য গ্ৰন্থ। মুঠতে দেখা যায় যে বুৰঞ্জী আৰু জীৱনী গ্ৰন্থ এই দুয়োটা ক্ষেত্ৰতে ভূঞাদেৱৰ দান অনস্বীকাৰ্য । এই মহান লেখকজনৰ মৃত্যু হয় ১৯৬৪ চনত।