স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰণী ভূমিকা পালন কৰা চিন্তাবিদ,শিক্ষাবিদ, সাহিত্যিক ড° হীৰেন গোঁহাই ৷ তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল ৷ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- 'সাহিত্যৰ সত্য', 'সমাজ আৰু সমালোচনা', 'সাহিত্য আৰু চেতনা', 'বিশ্বায়তন’, 'বন্দৰৰ কাল’, 'কালস্ৰোত আৰু কাণ্ডাৰী’, 'কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা', 'কীৰ্তন পুথিৰ ৰস বিচাৰ’, 'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ ৷ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম - 'লস্ত লাগিজ’, 'বতাহত ক’ৰ গধূলি গোপাল’, 'হেঙুল আকাশ’, ' ক’লা চানকেল আৰু এজন আৰোহী’, 'সপোনৰ দিকচৌ বনত’, 'ইমান তিতা সাগৰৰ পানী’, 'উৰণীয়া হাঁহৰ মাত’ ৷
'অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ৷ হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’ ৷