Add Book Write Article
Cancel

ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত?খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 9:22 a.m.

ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত ৷ সাধাৰণতে শীতকালত অনুষ্ঠিত হয় ৷ এনে খেলৰ অৰ্থ হ’ল-কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা৷দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহজন বা তাতোধিক খেলুৱৈ থাকে ৷ বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয় ৷ খেলৰ সজুঁলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয় ৷ আহল-বহল মুকলি ঠাইত এইবিধ খেল খেলা হৈছিল ৷ এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢমনা আনিব,সেইটো দলেই বিজয়ী হ’ব৷অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে ধৰিব লাগিব৷ইয়াৰ পিছত যিটো দলে প্ৰথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকি৷আনহাতে,অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ দলিয়ায়৷এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ঢেমনা আখ্যা দি প্ৰতিপক্ষৰ দললৈ অনা হয় ৷