কবি হেম বৰুৱাৰ 'এখন চিঠি’ কবিতাটো এটা অতি মৰ্মস্পৰ্শী কবিতা ৷ ষাঠিৰ দশকত ৰচিত এই কবিতাটো সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ প্ৰাণপ্ৰিয়া মমতালৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে ৷ সৈনিক জীৱনত কামৰ কোনো নিৰ্দ্দিষ্ট সময় নাথাকে ৷ মৰমৰ আত্মীয় ইষ্ট কুটুম্বলৈও মৰম যাঁচি, খা-খবৰ দিব বা বিচাৰি চিঠি এখন লিখিবলৈ বা লিখি ডাকত দিবলৈও সময় নোপোৱা আদি কৰ্মব্যস্ত সৈনিক জীৱনৰ কথা চিঠিখনৰ মাজেদি প্ৰকাশ পাইছে ৷ সৈনিকগৰাকী পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁৰ দুচকু চকুলোৰে উপচি পৰিছিল ৷ সেই সময়ত পত্নীৰ অৱস্থা দেখি সৈনিকগৰাকীও মৌন আৰু নিথৰ হৈ পৰিছিল ৷