ভট্টদেৱৰ 'বিষাদ যোগ' নামৰ পঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱ সকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱ সকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শঙ্খ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শঙ্খ বজাব ল'লে। এই শঙ্খৰ মহা শব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱ আৰম্ভণি কৰিছিল।